ভাৰতীয় ধাতুৰ ভাস্কৰ্য

ধাতুৰ ভাস্কৰ্য

মহেঞ্জোদাৰোত আবিষ্কৃত হোৱা ধাতুৰ মূৰ্তি কেইটিয়েই ভাৰতৰ প্ৰাচীন ধাতুৰ মূর্তি। নাচনী ছোৱালীৰ সৰু মূর্তি খনি ইয়াৰ ভিতৰত প্ৰখ্যাত। এই মূর্তিৰ হাত আৰু ভৰিবোৰ দীঘল, গোটেই বাওঁহাতখন খাৰুৰে ভৰা। হাৰাপ্পা যুগৰ ধাতু শিল্পৰ এইটো উৎকৃষ্ট নিদর্শন। সেয়ে এইটো পৃথিবী বিখ্যাত হৈ উঠিছে। কিছু সময় নচাৰ পিচত নাচনীয়ে বাওঁহাতখন আঠুৰ ওপৰত আৰু সোঁহাত খন তপিনাত ভৰদি জিৰণি লৈছে। সেই যুগতো যে নাচৰ প্ৰচলন আছিল এই মূর্তি খনিয়েই তাৰ প্ৰমাণ।

কুশান যুগতো তক্ষশীলাত ধাতুৰ মূর্তি নিৰ্মাণ কৰা হৈছিল। কিন্তু এই মূৰ্তিবোৰ অতি নিম্নখাপৰ। গুপ্ত যুগত পূর্ণ আকাৰৰ সুন্দৰ সুন্দৰ ধাতুৰ মূৰ্তি তৈয়াৰ হৈছিল। বার্মিংহামত থকা চুলতান-পুৰৰ প্রকাণ্ড বুদ্ধ মূর্তিটো এই যুগৰ এটি উল্লেখযোগ্য ভাস্কর্য। কৰাচীৰ সংগ্ৰহালয়ত থকা ব্ৰহ্মাৰ মূৰ্তিটো আন এটি গুপ্ত যুগৰ সুন্দৰ নিদৰ্শন। অমৰাৱতী আৰু মথুৰাতো ধাতুৰ মূর্তি নিৰ্মাণ কৰা হৈছিল বুলি প্রমাণ পোৱা যায়। ৮ম শতিকাৰ পৰা সৰু সৰু বহন কৰিব পৰা (Portable) ধাতুৰ মৃতিৰ প্ৰচলনৰ বৃদ্ধি হয়। শিলৰ ভাস্কৰ্ষৰ লগে লগে পাল যুগত ধাতুৰ ভাস্কৰ্যৰো যথেষ্ট উন্নতি হৈছিল। নালন্দা, কুকিহাৰ, ত্রিপুৰা আৰু চট্টগ্রাম পালধাতু শিল্পৰ কেন্দ্রস্থল আছিল। দিল্লীৰ ৰাষ্ট্ৰীয় সংগ্ৰহালয়ত সংৰক্ষিত নালন্দাৰ ধাতুৰ মূৰ্তিৰ ভিতৰত তাৰা, লুম্বিনীত বুদ্ধৰ জন্মৰ দৃশ্য, জন্তলা, বৈৰোচন, মঞ্জুশ্রী আৰু সঙ্কর্ষন মৃতি উল্লেখযোগ্য। বঙ্গদেশব মাক আৰু অম্বিকা মৃতিয়ে পাল শিল্পী সকলৰ দক্ষতাৰ পৰিচয় দিয়ে।

ধাতু শিল্পই উৎকর্ষ সাধন কৰিছিল দাক্ষিণাত্যৰ পল্লৱ আৰু চোল বজা সকলৰ আমোলত। নবম শতিকাৰ পৰা দ্বাদশ শতিকাৰ ভিতৰত দাক্ষিণাত্যব ভালেমান ধাতুৰ মূর্তি নির্মিত হৈছিল আৰু তিকভালঙ্গাছব বিখ্যাত নটৰাজ মূর্তি (১০ম শতিকা) চোল সকলৰ অবদান। বর্তমানে এই মূর্তিখনিয়ে মাদ্রাজ সংগ্ৰহালয়ৰ ধাতু শাখা শোভা কৰি আছে। নৃত্যৰত শিৱৰ এহাতত ডম্বক, আন এখনত অগ্নিশিখা। আন দুখনৰ এখন অভয় মূদ্রাত (ৰক্ষা বুজাইছে) আন খন গজ-হস্ত মূদ্রাত (ক্রীড়া বুজাইছে)। সোভৰিখনেৰে অজ্ঞানতাৰ অসুৰক (অপস্মাৰ পুৰুষ) গচকি আছে আৰু বাওঁ ভৰিখন শূন্যত ৰাখিছে। মুখত তেওঁৰ হাঁহি। এই সময়ৰ তিৰুভবঙ্গুলমৰ আন এখনি ধুনীয়া নটৰাজৰ মৃতি দিল্লীব বাষ্ট্রীয় সংগ্রহালত সংৰক্ষিত আছে। মাদ্রাজ সংগ্ৰহালয়ৰ কোদওধাবীব (বাম) মূর্তি খনি ধাতু ভাস্কৰ্য্যৰ আন এটি সুন্দৰ নিদর্শন।

দিল্লীৰ ৰাষ্ট্ৰীয় সংগ্ৰহালয়ৰ সংগ্ৰহৰ ভিতৰত বেণুগোপাল আৰু হয়গ্ৰীৱৰ মৃতি শেষ চালুক্য শিল্পব। এই বেনুগোপাল অষ্টভূজ। পশ্চিম ভাৰতৰ কেইটিমান জৈন মূর্তিও এই সংগ্রহালয়ত আছে।

দাক্ষিণাত্যৰ ধাতুৰ মূৰ্তিবোৰ প্ৰায়েই সৰু, বহন কৰিব পৰা আৰু এইবোৰ ব্রাহ্মণ্য ধৰ্মৰ দেৱ দেৱীব মৃতি শিৱ, বিষ্ণু আৰু তেওঁলোকৰ পত্নী যথাক্রমে পার্বতী আৰু শ্রীদেৱীৰ মৃতি বেচি সংখ্যক পোৱা যায়। চোল শিল্পীয়ে বজা সকলৰো ধাতুৰ মৃতি নিৰ্মাণ কৰিছিল; তেনেকৈ বিজয় নগৰৰ শিল্পী সকলেও দুজনী মহিষীৰে সৈতে বিজয়নগৰ সাম্রাজ্যব সম্রাট শ্রীকৃষ্ণদের বায়ৰ (১৫০৯-২৯) প্রায় ১৮শ শতিকাতো বর্তমান কালতো মাদ্রাজ ধাতুৰ মৃতি খনিয়ে খনিকৰৰ কৃতিত্বৰ পৰিচয় দিয়ে। দক্ষিণ ভাৰতৰ ধাতুৰ শিল্প কাৰ্য্য ভালদৰে চলিছিল। আৰু মহীশুৰ ৰাজ্যৰ এই শিল্প কাৰ্য্য চলি আছে।

গুৱাহাটীৰ অসম ৰাজ্যিক মৃতিয়েই ইয়াৰ প্রমাণ। অসমৰ শিল্পী সকলো এই বিদ্যাত পাৰ্গত আছিল। সংগ্ৰহালয়ত সংৰক্ষিত মহিষমদ্দনী দুর্গা আৰু বিষ্ণুৰ বিষ্ণুৰ মূৰ্তিটো বিশেষ মন কৰিবলগীয়া। প্রভুৱে খবম পিন্ধি পাচোটা থাক্ থকা আসনৰ ওপৰত থিয় হৈ আছে। তেওঁৰ সোফালে লক্ষ্মী আৰু বাওঁফালে সৰস্বতী। চাৰিখন হাতৰ আয়ুধবোৰ নাই। তেওঁৰ কাণত মকৰকুণ্ডল আৰু মূৰত কিৰীটি।
আসনৰ চাৰিচুকে চাৰিটা ভাটো চৰাই। প্রত্নতাত্মিক কে, এন্ দীক্ষিতে মন্তব্য কৰি গৈছে যে এই মূর্তিখনি অসমীয়া শিল্পীৰ এটি সুন্দৰ নিদৰ্শন আৰু ইয়াৰ সময় ১১শ-১২শ শতিকা। মৃতিখনি লক্ষীমপুৰ জিলাৰ লাৰুৱা মৌজাৰ পোৱা গৈছিল। মহিষমদ্দিনী মৃতি খনিত দূৰ্গাৰ ৰণোদীপ্ত ভাৱ আৰু দাঁত নিকটাই থকা মহিষাসুৰ দৈত্যৰ ভয়ঙ্কৰ চেহেৰা সুন্দৰকৈ ফুটি উঠিছে। দুর্ভাগ্যবশতঃ হাতৰ আয়ুধবোৰ হেৰাই গৈছে। কাৰুকাৰ্য্য আৰু ভাৱ প্ৰকাশৰ ফালৰ পৰা এই মৃতি খনি অসমীয়া ধাতু শিল্পৰ শ্রেষ্ঠ নিদর্শন। উমানন্দ পাহাৰৰ ঘাই মন্দিৰৰ ভিতৰত এখনি ধুনীয়া ভূষবাহন শিবৰ মূৰ্তি আছে। এই স্মৃতিৰ পৃষ্ঠ ভূমিৰ কাৰুকাৰ্য অতি সুন্দৰ। ই ১৮শ শতিকাৰ।

ভাৰতীয় ধাতুৰ মূৰ্তি মম গলাই (cive perdue or lost wax) কৰা পদ্ধতিৰে নিমিত হৈছিল। অর্থাৎ শিল্পীয়ে কোনো দেৱতা অথবা দেবীৰ মৃতি সাজিবলৈ লওঁতে পোন প্রথমে মৌৰ মমেৰ সেই মৃতিটো সাজি লৈছিল। ইয়াৰ পিচত বালিআঁহীয়া বোকা মাটিবে তাৰ ওপৰত এটি লেপ হি পিচফালে কেইটিমান ফুটা ৰখা হৈছিল। আৰু জুইৰ ওপৰত দিলে ভিতৰত মম খিনি গলি ফুটাবোৰেৰে ওলাই গৈছিল। শিল্পীয়ে তেতিয়া কেইপদমান ধাতু (সাধাৰণতে পিতল, তাম, টিন) মাটিৰ পাত্ৰ এটিত গলাই গলিত ধাতুখিনি ফুটাবোৰেৰে ফোপোলা সাঁচত ঢালি দিছিল আৰু মাটিৰ লেপটো ভাঙ্গি পেলোৱাত গোটা ধাতুৰ মৃতিটো ওলাই পৰিছিল। তাৰ পিচত শিল্পীয়ে মূর্তিটো পৰিস্কাৰ কৰি হাতুৰি বাটলিৰে দেৱতা অথৱা দেৱীৰ শেষ ৰূপ দিছিল।

নেপালত কিন্তু ফোপোলা মৃতি-নির্মিত হৈছিল। অর্থাৎ আগতে মূর্তি এটি বোকা মাটিৰে সজাই লৈ তাৰ ওপৰত মমৰ লেপ এটি দিয়া হৈছিল। গৰম কৰাৰ পিচত মমখিনি ওলাই যায় আৰু ভিতৰ সাঁচত গলিত ধাতুখিনি ঢালি দিলত এটি ফোপোলা ধাতুৰ স্মৃতি নির্মিত হৈছিল। তাৰ পিচত শিল্পীৰ হাতৰ কাম আৰম্ভ।



তথ্য সংগ্ৰহ- ভাৰতীয় চাৰুকলাৰ চিনাকি
প্রকাশক - অসম একাডেমী