মোৰ প্ৰিয় গ্ৰন্থ

মোৰ আটাইতকৈ প্ৰিয় কিতাপ পঢ়াৰ অভিজ্ঞতা আছিল এখন বিশেষ উপন্যাসৰ সৈতে কটোৱা সময়খিনি। শান্ত পৰিৱেশত কিতাপখন হাতত লৈ পাতবোৰ লুটিয়াই যাওঁতে মই যেন এক সম্পূৰ্ণ নতুন পৃথিৱীত হেৰাই গৈছিলোঁ। কিতাপখনৰ প্ৰতিটো চৰিত্ৰ আৰু কাহিনীৰ মোচৰে মোৰ মন গভীৰভাৱে স্পৰ্শ কৰিছিল। পঢ়ি থকাৰ সময়ত মই সুখ, দুখ আৰু দেশপ্ৰেম, ত্যাগ —সকলোবোৰ একেলগে অনুভৱ কৰিছিলোঁ। সেই অভিজ্ঞতাটোৱে কেৱল মোৰ কল্পনাতাক নহয়, জীৱনক চোৱাৰ দৃষ্টিভংগীও সলনি কৰি দিছিল। মোৰ বাবে সেইয়া কেৱল কিতাপ পঢ়া নাছিল, বৰঞ্চ এক অবিস্মৰণীয় মানসিক যাত্ৰাহে আছিল।

‘মৃত্যুঞ্জয়’ উপন্যাসখন পঢ়ি মই এক গভীৰ দেশপ্ৰেমমূলক আৰু ঐতিহাসিক অভিজ্ঞতা লাভ কৰিলোঁ। উপন্যাসখনৰ জৰিয়তে ভাৰতৰ স্বাধীনতা আন্দোলনৰ সময়ৰ মানুহৰ জীৱন, সংগ্ৰাম আৰু ত্যাগৰ বিষয়ে বহু কথা জানিবলৈ পালোঁ।
উপন্যাসখন পঢ়ি মই উপলব্ধি কৰিলোঁ যে স্বাধীনতা কেৱল এটা অধিকাৰ নহয়; ইয়াৰ লগত অসংখ্য মানুহৰ ত্যাগ, সাহস আৰু সংগ্ৰাম জড়িত হৈ আছে। দেশৰ প্ৰতি ভালপোৱা আৰু অন্যায়ৰ বিৰুদ্ধে থিয় দিয়াৰ মানসিকতাই মানুহক কঠিন পৰিস্থিতিৰ সন্মুখীন হ’বলৈ শক্তি প্ৰদান কৰে।
লেখক বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই ঐতিহাসিক পৰিৱেশ আৰু মানৱীয় অনুভূতিক যিদৰে সাহিত্যৰ ৰূপ দিছে, সেয়া মোৰ বাবে অতি আকৰ্ষণীয়। উপন্যাসখনৰ মাজেৰে মই দেশৰ ইতিহাসক কেৱল ঘটনাৰ সমষ্টি হিচাপে নহয়, বৰং মানুহৰ জীৱন আৰু অনুভূতিৰ সৈতে জড়িত এক বাস্তৱ অভিজ্ঞতা হিচাপে বুজিবলৈ সক্ষম হ’লোঁ।
এই উপন্যাসখনে মোৰ মনত দেশপ্ৰেম, দায়িত্ববোধ আৰু মানৱীয় মূল্যবোধৰ প্ৰতি সন্মান বৃদ্ধি কৰিছে। মোৰ মতে, প্ৰতিজন ছাত্ৰ-ছাত্ৰীয়ে এনে উপন্যাস পঢ়া উচিত, কাৰণ ইয়াৰ পৰা ইতিহাসৰ জ্ঞান লাভ কৰাৰ লগতে জীৱনৰ বহু গুৰুত্বপূৰ্ণ শিক্ষা লাভ কৰিব পাৰি।

পৰিশেষত ক’ব পাৰি যে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ ‘মৃত্যুঞ্জয়’ অসমীয়া সাহিত্যৰ এখন অতি গুৰুত্বপূৰ্ণ উপন্যাস। ইয়াত ভাৰতৰ স্বাধীনতা আন্দোলনৰ পটভূমিত দেশপ্ৰেম, ত্যাগ, সাহস আৰু মানৱীয় মূল্যবোধৰ প্ৰকাশ ঘটিছে। উপন্যাসখনৰ পঠন-অভিজ্ঞতাই মোক স্বাধীনতাৰ মূল্য বুজিবলৈ আৰু দেশৰ ইতিহাসৰ প্ৰতি অধিক আগ্ৰহী হ’বলৈ সহায় কৰিছে।

উপন্যাসৰ নাম: মৃত্যুঞ্জয়
লেখক: বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য
প্ৰকাশকাল: ১৯৭০ চন

Popular posts from this blog

ভাৰতীয় ধাতুৰ ভাস্কৰ্য